Very Short Question for 1/2 Marks

Q - 1. ১৯৫১ চনৰ লোকপিয়ল অনসুৰি অসমৰ জনসংখ্যা কিমান আছিল?

উত্তৰ - ৮.০৩ নিযুত৷


Q - 2. অসমৰ অৰণ্যত পোৱা দুবিধ গছৰ নাম লিখা৷

উত্তৰ - শাল, চেগুন৷


Q - 3. পৰ্ণপাতী উদ্ভিদ কি?

উত্তৰ - যিবিলাক গছৰ পাত এটা ঋতুত সৰে সেই উদ্ভিদবোৰক পৰ্ণপাতী উদ্ভিদ বোলে৷


Q - 4. অসমৰ মুঠ অভয়াৰণ্য কেইখন?

উত্তৰ - ১৮ খন৷


Q - 5. অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান?

উত্তৰ - ৫ খন৷


Q - 6. অসমৰ অৰণ্যসমূহে মুঠতে কিমান মাটি আগুৰি আছে?

উত্তৰ - ৩, ৫৯২.৯৪ বৰ্গ কিলোমিটাৰ৷


Q - 7. ডিব্ৰু-ছৈখোৱা অসমৰ ক’ত অৱস্থিত?

উত্তৰ - তিনিচুকীয়া আৰু ডিব্ৰুগড়৷


Q - 8. কামৰূপ মহানগৰত থকা এখন অভয়াৰণ্যৰ নাম লিখা৷

উত্তৰ - আমছাং অভয়াৰণ্য আৰু দিপৰবিল অভয়াৰণ্য৷


Q - 10. কাৰ্বি মালভূমিক কপিলী উপত্যকাই কি দুটা ভাগত ভাগ কৰিছে?

উত্তৰ - পূব আৰু পশ্চিম দুটা খণ্ডত৷


Q - 11. অসমৰ মৃত্তিকা এবিধৰ নাম লিখা৷

উত্তৰ - পলসুৱা মাটি, সাৰুৱা মৃত্তিকা, গিপীপদ, পাহাৰীয়া আৰু কংকৰ মৃত্তিকা৷


Q - 12. অসমৰ সৰ্ববৃহৎ জিলা কোনখন?

উত্তৰ - কাৰ্বি আংলং৷


Q - 13. অসমৰ আটাইতকৈ সৰু জিলা কোনখন?

উত্তৰ - কামৰূপ মহানগৰ৷


Q - 14. অসমৰ কোনখন জিলাৰ জনসংখ্যা বেছি?

উত্তৰ - নগাঁও জিলাত৷


Q - 15. অসমৰ কোনখন জিলাৰ জনসংখ্যা কম?

উত্তৰ - ডিমা হাচাও৷


Q - 16. অসমৰ পুৰণি ৰাজধানী ক’ত আছিল?

উত্তৰ - শ্বিলং৷


Q - 17. কোন চনত অসমৰ ৰাজধানী দিছপুৰ হয়?

উত্তৰ - ১৯৭৩ চনত৷


Q - 18. বৰ্তমান অসমৰ জনসংখ্যা কিমান?

উত্তৰ - ৩১,১৬৯,২৭২ জন ৷


Q - 19. বৰাক উপত্যকাৰ উপনৈ কি কি?

উত্তৰ - জাতিংগা, জিৰি, মধুৰা৷


Q - 21. অসমৰ সৰ্ব্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা৷

উত্তৰ - সৰ্ব্বোচ্চ – উত্তৰ লক্ষিমপুৰ- ৩৩৫ ছে.মি.৷ সৰ্বনিম্ন– লামডিং– ১২৯ ছে.মি.৷


Q - 22. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি কিমান ?

উত্তৰ - অৱস্থান– গোলাঘাট, নগাওঁ আৰু শোণিতপুৰ৷ মাটিকালি– ৮৫৮.৯৮ কি.মি.৷


Q - 23. অসমৰ পাহাৰশ্ৰেণী কি ?

উত্তৰ - বৰাইল৷


Q - 24. অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা৷

উত্তৰ - বাংলাদেশ আৰু ভূটান৷


Dictionary
× Home Tutors Institutes About Us Contact Us Faq