Very Short Question for 1/2 Marks

Q - 1. বিভক্তি কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি লিখা৷

উত্তৰ - নাম শব্দ বা প্ৰতি পাদিকৰ পিছত আৰু ধাতুৰ পিছত যিবোৰ চিন যোগ হৈ পদ গঠন কৰা হয় তাক বিভক্তি বোলা হয়৷ বিভক্তি দুই প্ৰকাৰৰ– ক] শব্দ বিভক্তি আৰু খ] ক্ৰিয়াবিভক্তি ক] শব্দ বিভক্তি - নাম শব্দ বা প্ৰতিপাদিকৰ পাছত যিবোৰ চিন যোগ হৈ পদ গঠন হয় তাকে শব্দ বিভক্তি বোলে৷ শব্দ বিভক্তি সাত প্ৰকাৰৰ– ৰমা বিভক্তি, ২য়া বিভক্তি, ৩য়া বিভক্তি, চ্ছ্ৰথী বিভক্তি, প্তমী বিভক্তি, ৬ষ্ঠী বিভক্তি আৰু জ্জমী বিভক্তি শব্দ বিভক্তিসমূহৰ প্ৰত্যেকৰে সূচোৱা নিদিষ্ট চিন আছে– ১মা বিভক্তি ––– এ.ই. ২য়া বিভক্তি ––– ক ৩য়া বিভক্তি ––– ৰে, দি, দ্বাৰা ৪থী বিভক্তি ––– অক, লৈ ৫মী বিভক্তি ––– পৰা ৬ষ্ঠী বিভক্তি ––– ৰ ৭মী বিভক্তি ––– ত শব্দ বিভক্তিসমূহক কাৰকত যোগ কৰা হয় বাবে ইয়াক কাৰক বাচক বিভক্তি বুলিও কোৱা হয়৷ ক্ৰিয়া বিভক্তি - ধাতুৰ পাছথ যিবোৰ চিন যোগ হৈ পদ গঠন হয় তাকেই ত্ৰি য়া বিভক্তি বোলে৷ যেনে– খ ঋ ইম্ = পঢ়িম খা ঋ ও = গাওঁ কৰ্ ঋ ইলো = কৰিলো৷


Q - 2. কাৰক কাক বোলে? অসমীয়াত ই কেই প্ৰকাৰৰ প্ৰতিবিধৰে সূত্ৰ লিখি উদাহৰণ দিয়া৷

উত্তৰ - ক্ৰিয়াৰ লগত যাৰ সম্বন্ধ ঘটে তাকেই কাৰক বুলি কোৱা হয়৷ অসমীয়াত কাৰক ছয় প্ৰকাৰৰ৷ সেইবোৰ হ’ল– ক] কৰ্তা, খ] কৰ্ম, গ] কৰন, ঘ] সম্প্ৰাদান, ঙ] অপাদন, চ] অধিকৰন৷ ক] কৰ্তা - বাক্যত যিয়ে ক্ৰিয়া সম্পাদন কৰে সেয়েই কৰ্তা৷ কৰ্তাত প্ৰথমা বিভক্তি প্ৰয়োগ হয়৷ যেনে–তাই স্কুললৈ যায়৷ বাক্যটোত স্কুললৈ যোৱা কামটো ‘তাই’ পদটোৱে সম্পাদন কৰিছে৷ সেই ‘তাই’ ইয়াত কৰ্তা কাৰক৷ খ] কৰ্ম কাৰক - কৰ্তাই যাৰ ওপৰত ক্ৰিয়া কৰি সম্পূৰ্ণতা লাভ কৰে সেয়ে কৰ্ম৷ যেনে– মই ভাত খালো৷ বাক্যটোত ‘তাৰ’ ৰ ওপৰত নিৰ্ভৰ কৰি খোৱা কাৰ্য সম্পাদিত হৈছে৷ সেয়ে ই কৰ্ম৷ ইয়াত দ্বিতীয়া বিভক্তিৰ চিন ‘ক’ উহ্য হৈ আছে৷ গ] কৰন কাৰক - কৰ্তাই যাৰ সহায়ত ক্ৰিয়া সম্পাদন কৰে তাকেই কৰন কাৰক বোলে৷ কৰন কাৰকত তৃতীয়া বিভিক্তিৰ চিন যোগ হয়৷ যেনে– ইয়াত কতাই ‘কলেমেৰে’৷ ক্ৰিয়া সম্পাদন কৰিছে৷ ঘ] সম্প্ৰাদান কাৰক ঃ নিজ স্বত্ব ত্যাগ কৰি কোনো বস্তুক যাক দান কৰা হয় তাকে সম্প্ৰদান কাৰক বোলা হয়৷ সম্প্ৰদান কাৰকত চতুৰ্থী বিভক্তি যোগ কৰা হয়৷ যেনে– গুৰুলৈ দক্ষিনা দিয়া হ’ল৷ ওপৰৰ বাক্যশাৰীত ‘গুৰুলৈ’ সম্প্ৰদান কাৰক৷ আনহাতে কেতিয়াবা দ্বিতীয়া বিভক্তি যোগ কৰা হয়৷ যেনে– ‘গুৰুক দক্ষিণা দিলো’৷ ইয়াত ‘গুৰুক’ সম্প্ৰদান কাৰক৷ কিন্তু সম্পূৰ্ণ স্বত্ব ত্যাগ কৰি দান কৰা নুবুজালে সি সম্প্ৰদান কাৰক নহয়৷ যেনে– ধোবাক কাপোৰ দিলো৷ এই বাক্যটোত যদিও দ্বিতীয়া বিভক্তিৰ চিন ‘ক’ যোগ কৰা হৈছে তথাপি ই সম্প্ৰদান কাৰক নহয় কাৰণ ধোবাৰ পৰা কাপোৰ পুনৰ ঘূৰাই লোৱা হয়৷ প্ৰকৃত দান হোৱা নাই বাবেই ই সম্প্ৰদায় কাৰক নহয়৷ ঙ] অপাদান কাৰক - য’ৰ পৰা পৃথক হোৱা, উৎপন্ন হোৱা আৰম্ভহোৱা, ভয় হোৱা, ৰক্ষা পোৱা, অন্তধ্যান হোৱা আদি বুজায় তাকে অপাদান কাৰক বোলে৷ অপাদান কাৰকত মূল শব্দৰ পৰা ষষ্ঠী বিভক্তি যোগ হৈ তাৰ পাছ ‘পৰা’ অনুসৰ্গ যোগ হয়৷ যেনে– পৃথক - তিলৰ পৰা তেল হয়৷ ভয় - হাবিত বাঘৰ পৰা ভয়৷ ৰক্ষা - বেমাৰৰ পৰা ৰক্ষা পাবলৈ সাবধান হ’বা৷ চ] অধিকৰণ কাৰক - যি ক্ৰিয়াৰ আধাৰ বা সিহত ক্ৰিয়াই কাৰ্য সম্পাদিত কৰে সিয়েই অধিকৰণ কাৰক৷ অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয়৷ যেনে– তিলত তেল থাকে৷ হাবিত বাঘ থাকে৷ পানীত মাছ থাকে৷ ওপৰৰ বাক্যটিত তেল থকা কাৰ্যটো সম্পাদিত কৰা হৈছে তিলত৷ ইয়াত সপ্তমী বিভক্তিৰ চিন ‘ত’ যোগ কৰা হৈছে৷ সেয়েহে ই অধিকৰম কাৰক৷


Q - 3. জতুৱাঠাঁচ কাক বোলে? অসমীয়া ভাষাৰ পৰা উপযুক্ত উদাহৰণ দি বুজাই লিখা৷

উত্তৰ - অন্য শব্দৰ সহযোগত শব্দৰ প্ৰচলিত অৰ্থতকৈ আন বিশেষ অৰ্থ প্ৰকাশ কৰা বাক্যাংশকেই জতুৱা ঠাঁচ বুলি কোৱা হয়৷ যেনে– কপাল ফুলা [অৰ্থাৎ সৌভাগ্য উপস্থিত হোৱা] ঃ ৰজতে চাকৰিটো পোৱাত তাৰ কপাল ফুলিল৷ ওপৰৰ বাক্যৰ ‘কপাল ফুলিল’ বাক্যাংশত থকা ‘কপাল’ আৰু ‘ফুলি’ পদ দুটাৰ সামূহিক অৰ্থ হৈছে সৌভাগ্য উপস্থিত হ’ল৷ ইয়াত ‘কপাল’ শব্দৰ প্ৰচলিত ফুল ফুলা অৰ্থ প্ৰকাশ কৰা নাই৷ উভয়ে আন অৰ্থহে প্ৰকাশ কৰিছে৷ অসমীয়া ভাষাত বিশিষ্ট অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ অলেখ আছে সেইবোৰক আমি তলত দিয়া ধৰণে ভাগ কৰিব পাৰো– ক] নাম শব্দৰ লগত সহায়কাৰী ক্ৰিয়া যোগ হৈ পৃথক অৰ্থ বুজোৱা যৌগিক ধাতু৷ উদাহৰণস্বৰূপে আওকান কৰ– অৱহেলা কৰ, খ] বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ উদাহৰণ– কান কটা– নিলাজ ককাঁল পৰা– দুৰ্বল হ, বুঢ়া হ, ক্ষমতাহীন হ৷ গ] ক্ৰিয়াপদৰ বিশেষ অৰ্থত ব্যৱহাৰ৷ উদাহৰণ– গছত উঠা ছোৱালী– দুষ্ট ছোৱালী৷ নাম কৰ্– প্ৰশংসিত হ্ মাটি কৰ্ – নষ্ট কৰ্ ঘ] বিশেষ্যপদৰ লগত ক্ৰিয়াপদৰ বিশেষ অৰ্থত ব্যৱহাৰ৷ উদাহৰণ– ইতিকিং কৰ্– বিদ্ৰুপ কৰ, ঠাট্টা কৰ্ ৰণ লাগ্– যুদ্ধ লাগ্ ঙ] বিশেষণ পদৰ বিশেষ অৰ্থত ব্যৱহাৰ৷ উদাহৰণ– ঘৰ গোনা– ঘৰতে সোমাই থকা লোক হাত দীঘল– ক্ষমতাশালী চ] বিভিন্ন শব্দ বা পদসমষ্টিৰ বিশেষ অৰ্থত ব্যৱহাৰ৷ যেনে– আলাসৰ লাডু– অতি মৰমৰ খাই পাত ফলা– অকৃতজ্ঞ


Q - 4. প্ৰত্যয় কাক বোলে? ই কেই প্ৰকাৰৰ? কৃৎ প্ৰত্যয় আৰু অদ্ধিত প্ৰত্যয় উদাহৰণসহ বুজাই লিখা৷

উত্তৰ - ধাতু বা প্ৰতিপাদিকৰ পিছত যিবোৰ বৰ্ণসমষ্টি লগ হৈ নতুন শব্দ গঠন কৰে, তাকে প্ৰত্যয় বোলে৷ অসমীয়া ভাষাত প্ৰত্যয় মূলত দুবিধ– কৃৎ প্ৰত্যয়, তদ্ধিত প্ৰত্যয় কিন্তু, ব্যাকৰণ ভেদে স্ত্ৰী প্ৰত্যয় আৰু বিভক্তিকো অন্তভুক্ত কৰি লোৱা বাবে প্ৰত্যয় চাৰি প্ৰকাৰৰ৷ কৃৎ প্ৰত্যয় - ধাতুৰ পিছত যিবোৰ বৰ্ণসমষ্টি লগ হৈ নতুন শব্দ গঠন কৰে, তাকে কৃৎ প্ৰত্যয় বোলে৷ যেনে– লিগ ঋ অক = লিখক খা ঋ অন = খাৱক৷ তদ্ধিত প্ৰত্যয় - প্ৰাতিপাদিকৰ পিছত যিবোৰ বৰ্ণসমষ্টি লগ হৈ নতুন শব্দ গঠন কৰে, তাকে তদ্ধিত প্ৰত্যয় বোলে৷ যেনে– খেতি ঋ অক = খেতিয়ক বন ঋ অনি = বননি


Q - 5. স্ত্ৰী প্ৰত্যয় কাক বোলে? অসমীয়া ভাষাৰ স্ত্ৰী প্ৰত্যয়সমূহ উদাহৰণসহ উল্লেখ কৰা৷

উত্তৰ - যিবোৰ প্ৰত্যয় সংযোগৰ দ্বাৰা পুংলিংগবাচক শব্দ স্ত্ৰী লিংগ কৰা হয়, তাকে স্ত্ৰী প্ৰত্যয় বোলে৷ অসমীয়া ভাষাত স্ত্ৰী প্ৰত্যয় পাঁচটা– ঈ, নী, অনী, ৰী আৰু ইনী৷ ক] ঈ - মামা = মামী জন = জনী খ] অনী - ফুকন = ফুকননী কুমাৰ = কুমাৰণী গ] নী - নাতি = নাতিনী মালি = মালিনী ঘ] ৰী - ডেকা = ডেকেৰী কলা = কালৰী ঙ] ইনী - বাঘ = বাঘিনী নাগ = নাগিনী


Q - 6. পুৰুষ বাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাত পুৰুষবাচক প্ৰত্যয়সমূহ কি কি? উদাহৰণসহ বুজাই লিখা৷

উত্তৰ - যিবোৰ বিভক্তি বা প্ৰত্যয়ে পুৰুষৰ ধাৰণা দিয়ে তাকে পুৰুষবাচক প্ৰত্যয় বা পুৰষবাচক বিভক্তি বোলে৷ অসমীয়া ভাষাত পুৰষবাচক প্ৰত্যয়সমূহ হ’ল– ‘ৰা’, এৰা, ‘ৰ’, ‘এৰ’, ‘ক’, ‘এক’৷ প্ৰথম পুৰুষত কোনো বিভক্তি বা প্ৰত্যয় যোগ নহয় বাবে তাত – শূন্য বিভক্তি যোগ হোৱা বুলি ধৰা হয়৷ দ্বিতীয় আৰু তৃতীয় পুৰুষত যোগ হোৱা পুৰুষবাচক বিভক্তিবোৰ প্ৰয়োগ সাপেক্ষ৷ আ-স্বৰান্ত সম্বন্ধবাচক শব্দৰ পিছত ৰা, ৰ, ক প্ৰত্যয় যোগ হয়৷ আ ভিন্ন অন্য স্বৰান্ত আৰু ব্যঞ্জনান্ত শব্দৰ পিছত এৰ, এৰা, এক প্ৰত্যয় যোগ হয়৷ দ্বিতীয় পুৰুষৰ প্ৰত্যয় - ৰা [এৰা], ৰ [এৰ] মান্য ৰূপ তুচ্চ ৰূপ তোমাৰ দেউতাৰা [দেউতা ঋ ৰা] তোৰ দেউতাৰ [দেউতাৰ ঋ ৰ] তোমাৰ মাৰ [মা ঋ বা] তোৰ মাৰ [মা ঋ ৰ] তৃতীয় পুৰুষৰ বিভক্তি - ক [এক] দেউতাক [দেউতা ঋ কক] মাক [মা ঋ ক]


Q - 7. নিৰ্দিষ্টবাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ চাৰিটা নিৰ্দিষ্ট বাচক প্ৰত্যয়ৰ প্ৰয়েগসহ উদাহৰণ দিয়া৷

উত্তৰ - কোনো বস্তুৰ আকৃত্তি, প্ৰকৃতি, লিংগ আদি নিদিষ্ট কৰি বুজাবলৈ শব্দৰ পিছত ব্যৱহৃত শব্দ বা শব্দাংশকে নিৰ্দিষ্টতাবাচক বা নিৰ্দেশাত্মক প্ৰত্যয় বোলে৷ যেনে– ৰন ঋ থলী = ৰণথলী, বন্তি ঋ গছি = বন্তি গছি I অসমীয়া ভাষাৰ নিৰ্দিষ্টতা বাচক প্ৰত্যয় হ’ল– কন, বনি– ক্ষুদ্ৰাৰ্থ বা মৰম বুজাওতে বিশেষ্যৰ পাছত ব্যৱহাৰ হয়৷ যেনে– পোনাকন, আইকন৷ খন, খনি - বহল, চেপেটা, পাতল বস্তুক বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ যেনে– কিতাপখন৷ গৰাকী - সন্মান অৰ্থত পুংলিংগ আৰু স্ত্ৰীলিংগ বুজাওতে প্ৰয়োগ হয়৷ যেনে– বক্তাগৰাকী৷ ধাৰ, ধাবি - কোনো সৰু বস্তু একাদিক্ৰমে বুজাবলৈ ব্যৱহৃত হয়৷ যেনে– মালাধাৰ, মনিধাৰী৷


Q - 8. 54 ব্যাকৰণ কি? ব্যাকৰণৰ উপাদানসমূহত বিষয়ে লিখা৷

উত্তৰ - কোনো ভাষাৰ গঠন পদ্ধতিৰ বিজ্ঞানসন্মত আৰু তন্ন তন্ন বিচাৰ বিশ্লেষনেই ভাষাটোৰ ব্যাকৰণ৷ ব্যাকৰণ ভাষা এটাৰ গাঁথনিক দিশৰ বিজ্ঞানসন্মত বিশ্লেষণ দাঙি ধৰে৷ ব্যাকৰণৰ প্ৰধান উপাদান তিনিটা৷ সেইকেইটা হ’ল– ধ্বনি - ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান ধ্বনি৷ ওঠ, জিভা, দাঁত, তালু, ঘটিকা, শ্বাসনলী, হাওফাও আদি বাগিন্ত্ৰিয়ৰ সহায়ত ধ্বনি উদাহৰণ উচ্ছাৰণ কৰা হয় বাবে ধ্বনিক বাগধ্বনি বোলা হয়৷ ধ্বনি বুজাবলৈ ব্যৱহাৰ কৰা প্ৰতীক চিহ্নই আখৰ৷ ধ্বনি উচ্ছাৰণৰ ভিন্নতা অনুসৰি বৰ্ণক বিভক্ত কৰা হয়৷ নামিবা বৰ্ন, কণ্টস্থ বৰ্ণ, তালব্য বৰ্ণ, শূধন্য বৰ্ণ, দন্ত্য বৰ্ণ, ষষ্ঠ বৰ্ণ আদি হৈছে বৰ্নৰ প্ৰকাৰভেদ৷ শব্দ - শব্দ হৈছে বৰ্ণৰ অৰ্থযুক্ত সমষ্টি৷ এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটক শব্দ বোলে৷ যেনে– ঘৰ, মানুহ আদি৷ দুটা ভিন্ন অৰ্থযুক্ত শব্দ লগ লাগিও অইন এক অৰ্থযুক্ত শব্দ গঠিত হ’ব পাৰে৷ যেনে– চকু মুদা, শব্দ উচ্ছাৰণ কৰাৰ লগে লগে ইয়াৰ অৰ্থ নিজে নিজে স্পষ্টভাৱে প্ৰকট হয়৷ বাক্য - বাক্য শব্দৰ সু-সমন্বয়৷ পৰস্পৰ সম্বন্ধযুক্ত শব্দসমষ্টিয়ে যদি মনোভাবক পূণকৈ প্ৰকাশ কৰিব পাৰিলে, ই বাক্যত পৰিণত হয়৷ যেনে– ক’লৈ গৈছিলা? পূৰ্ব-প্ৰসংগযুক্ত হ’লে এটা শব্দৰেও বাক্য গঠন হ’ব পাৰে৷ বাক্যত শব্দাৱলী সংযুক্ত হওঁতে এক ক্ৰমত সংযুক্ত হয়৷


Dictionary
× Home Tutors Institutes About Us Contact Us Faq