Short Question for 4/5 Marks

Q - 28. বায়ুমণ্ডল কাক বোলে? ই কিমান উচ্চতা পৰ্যন্ত বিয়পি আছে?

উত্তৰ - পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নীৰৱচ্চিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে৷ ই ভূ-পৃষ্ঠৰ পৰা ১০ হাজাৰ কি.মি. পৰ্যন্ত এই বায়ুমণ্ডলত বিয়পি আছে৷


Q - 29. অপকেন্দ্ৰিক শক্তি কাক বোলে?

উত্তৰ - পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰপৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়৷ ইয়াকে অপকেন্দ্ৰিক শক্তি বোলে৷


Q - 30. কোৰিওলিচ কল বুলিলে কি বুজা?

উত্তৰ - অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে৷ এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গেচপাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাচী গণিতজ্ঞ জনে উদ্ভাৱন কৰাৰ বাবে এই শক্তিটোক কোৰিওলিচ বল বুলি জনা যায়৷


Q - 31. ফেৰেলৰ সূত্ৰ বুলিলে কি বুজা?

উত্তৰ - পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা কোৰিওলিচ বলে উত্তৰ গোলৰ্ধৰ বায়ুৰ প্ৰবাহত ঘড়ীৰ কাটাৰ দৰে সোফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাটাৰ বিপৰীত দিশত বাওফালে বিক্ষপিত কৰে৷ ইয়াকে ফেৰেলৰ সূত্ৰ বোলা হয়৷


Q - 40. বায়ুৰাশিৰ উৎস স্থান আৰু তাৰ বৈশিষ্ট্য্যৰ ওপৰত নিৰ্ভৰ কৰি কেইটা ভাগত ভগাব পাৰি?

উত্তৰ - i) ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি৷ ii) ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি৷ iii) মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি৷ iv) মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি৷


Q - 41. বাতাগ্ৰ কাক বোলে? ৷ ইয়াক প্ৰধানকৈ কেইটা শ্ৰেণীত ভগাব পাৰি?

উত্তৰ - যেতিয়া উত্তাপ, আদ্ৰৰ্তা, চাপ, ঘনত্ব আদিৰ তাৰতময থকা দুটা বিপৰীত গুণ সম্পন্ন বায়ুৰাশি পৰস্পৰ সন্মুখীন হয়৷ ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্চেদক বায়ু পৃঠক সৃষ্টি হয়৷ ইয়াকে বাতাগ্ৰ বোলে৷ ই চাৰি প্ৰকাৰৰ– ক] শীতল বাতাগ্ৰ খ] উষ্ণ বাতাগ্ৰ গ] অচল বাতাগ্ৰ আৰু ঘ] অন্তৰ্ধৃত বাতাগ্ৰ৷


Q - 43. বায়ুমণ্ডলৰ তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা৷

উত্তৰ - বায়ুমণ্ডলতৈ থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰ’জেন আৰু অক্সিজেনৰ প্ৰাধান্য অতি বেছি৷ বায়ুমণ্ডলত থকা মুঠ গেছৰ আয়তনৰ শতাংশ নাইট্ৰ’জেন, আৰু ২০.৯৪ শতাংশ অক্সিজেন৷ অন্যান্য গেছবোৰৰ ভিতৰত আৰ্গন ঙ্ম.৯৩ শতাংশ, আৰু নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰ’জেন, অ’জন ইত্যাদি গেছসমূহ ০.০১৪ শতাংশ থাকে৷ এই গেছসমূহৰ পৰিমাণ প্ৰায় ১০, ০০০ কি.মি. উচ্ছতালৈ পৰ্যায়ক্ৰমে বিয়পি থাকে৷


Q - 50. চাপনতি শক্তি বুলিলে কি বুজা? বায়ুপ্ৰবাহত ইয়াৰ ভূমিকা কি?

উত্তৰ - বায়ু সদায় উচ্ছ চাপ অঞ্চলৰপৰা নিম্ন চাপ অঞ্চললৈ বলে৷ সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ধাৰণ কৰে৷ যি দিশত চাপ হ্ৰাস পায় সেই দিশেতেই চাপনীৰৰ জোখ লোৱা হয়৷ অৰ্থাৎ এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে সহজে জানিব পাৰি৷ এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ’লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰিও তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে৷


Q - 51. বায়ুপ্ৰবাহত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা৷

উত্তৰ - পৃথিৱীৰ চাৰিওফালে আগুৰি থকা সমগ্ৰ বায়ুমণ্ডলত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে আৱৰি ৰাখিছে৷ তাৰ উপৰিও বায়ুৰ চাপ আৰু ওজন মূলত মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে৷ আমি জানো যে বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্ছতাৰ লগে লগে হ্ৰাস পায়৷ এইদৰেই বায়ুমণ্ডলত উচ্ছ চাপৰ পৰা নিম্ন চাপলৈ এক উল্লম্বিক বায়ুপ্ৰবাহো চলি থাকে৷ পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়বৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰে চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ু প্ৰবাহ চলে৷


Q - 54. বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়৷ ইয়াৰ গতিবেগৰ এককটো কি?

উত্তৰ - এখন ঠাইৰ বতাহৰ দিশ অৱশ্যে ডাৱৰ, ধোহা, কানীৰ ঢৌ ইত্যাদিৰ গতিৰ পৰাই জানিব পাৰি৷ কিন্তু উইণ্ড ভে’ন নামৰ যন্ত্ৰ এটাৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি৷ এই গতিবেগৰ এককটো হ’ল নট৷


Q - 55. বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসহ চমুকৈ আলোচনা কৰা৷

উত্তৰ - পৃথিৱীৰ উপৰিভাগত স্থানীয় পৰ্যায়ত থকা ভূ-প্ৰকৃতিৰ পাৰ্থক্য আৰু উত্তাপৰ তাৰতমযৰ ওপৰত ভিত্তি কৰি বতাহৰ শ্ৰেণীবিভাজন কৰা হয়৷ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত স্থানীয়ভাৱে উষ্ণতা বৃদ্ধিৰ ফলত নিম্নচাপ কেন্দ্ৰৰ সৃষ্টি হয়৷ এনে অস্থায়ী নিম্নচাপ কেন্দ্ৰবোৰ চাপকেন্দ্ৰবোৰৰ প্ৰবল আকৰ্ষণত কিছুমান বায়ুপ্ৰবাহৰ সৃষ্টি হয়৷ উত্তৰ আফ্ৰিকাৰ চাহাৰা মৰুভূমিত এনে বায়ুপ্ৰবাহক চিৰক্কো, ইজিপ্টত খাম্চিত আৰু আৰৱত চিমুখ বোলা হয়৷


Q - 56. গৌণ বতাহ কাক বোলে? উদাহৰণসহ এখন ঠাইৰ জলবায়ুৰ নিৰ্ধাৰণত ইয়াৰ ভূমিকা বৰ্ণনা কৰা৷

উত্তৰ - ভূ-অৱয়ৱৰ প্ৰকৃতি আৰু ভূমি জল ভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ তাপৰ তাতমযৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক সাধাৰণভাৱে গৌণ বায়ুপ্ৰবাহ বুলিব পাৰি৷ ঘূৰ্ণীবতাহ বা চক্ৰবাত, প্ৰীতপ ঘূৰ্ণীবতাহ, বায়ু, ৰাশি, বাতাগ্ৰ, মৌচুমী বতাহ আদিয়ে প্ৰধানকৈ গৌণ প্ৰবাহৰ অন্তৰ্গত৷ এনে বায়ুৰ প্ৰবাহে একো একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে৷


Q - 58. বায়ুৰাশি কাক বোলে ? ইয়াক কেনেকৈ শ্ৰেণীবিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ুৰ নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি?

উত্তৰ - উত্তাপ, আদ্ৰৰ্তা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ু ৰাশি বোলা হয়৷ বায়ুৰাশিৰ উচ্চস্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ শ্ৰেণীবিভজন কৰা হয়৷


Q - 60. ট্ৰপ’স্ফিয়েৰ স্তৰটোত প্ৰধানকৈ বতৰৰ ক্ৰিয়া-কলাপ কিয় সংঘটিত হয়?

উত্তৰ - বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি চতুৰ্থাংশ আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলী কণা কেৱল এই ট্ৰপ’স্ফিয়েৰত আছে৷ বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বৃদ্ধি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়৷ সেয়ে বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া কাৰ্য যেনে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা বৃষ্টি আদি এই ট্ৰপ’স্ফিয়েৰতে সংঘটিত হয়৷


Q - 65. বিউফেট স্কেল কি? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পৰ্কে চমুকৈ লিখা৷

উত্তৰ - ১৮০৫ চনতে বৃটিছে বিজ্ঞানী চাৰ ফ্ৰেঞ্চিচ বিউফ’ৰ্টে প্ৰস্তুত কৰা .. নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি৷ ইয়াকে বিউফ’ৰ্ট স্কেল বোলা হয়৷ বতাহৰ গতিবেগ এক নট মানে প্ৰতি ঘণ্টাত ৰ নাট কেল মাইল৷ অৰ্থাৎ প্ৰতি ঘণ্টাত ১.৮৫৪ কিলোমিটাৰ বা প্ৰতি মিনিটত ৩০.৯ মিটাৰ৷


Q - 66. ক] পাৰ্থক্য লিখা - অনুভূমিক প্ৰবাহ আৰু উল্লম্বিক প্ৰবাহ

উত্তৰ - ১৷ বায়ুৰ অনুভূমিক গতি সদায় অনুভূমিক৷ আনহাতে বায়ু যেতিয়া উদ্ধৰ্গামী হয় তেতিয়া তাক উল্লম্বিক প্ৰহাব স্ৰোত বোলে৷


Q - 66. খ] পাৰ্থক্য লিখা - পাৰ্বত্য বতাহ আাৰু ভৈয়ামৰ বতাহ৷

উত্তৰ - ১৷ পৰ্বত পাহাৰৰ পৰা যি বতাহ বলে তাক পাৰ্বত্য বতাহ আনহাতে, ভৈয়াম অঞ্চলৰ পৰা যি বতাহ বলে তাক ভৈয়ামৰ বতাহ বোলা হয়৷ ২৷ পাৰ্বত্য অঞ্চলৰ বতাহে চেঁচা আৰু সেমেকা বায়ু কঢ়িয়াই অনাৰ ফলত পৰ্বত পাহাৰত খুন্দা খাই ধাৰাসাৰ বৰষুণ দিয়ে কিন্তু ভৈয়াম বতাহে শুকান আৰু কিছু চেঁচা বতাহ জলভাগলৈ প্ৰবাহিত হয়৷ এনে বতাহ শুকান হোৱাৰ বাবে বৰষুণ নহয়৷


Dictionary
× Home Tutors Institutes About Us Contact Us Faq